The History Behind Project JAHNABI
Project Jahnabi is an effort to strengthen Assamese and TaiAhom language in the digital world through NLP, linguistic research & technology.
How It Started
A journey of passion and innovation.
About Utpal Phukan
It all started back in 2012 when the creator of the project Utpal Phukan, a computer programmer by profession started working on digitalization of Assamese language on some of his friend’s request.
Since then Utpal Phukan has been a pioneer of Assamese language computing and the Unicode movement for Assamese as well as Tai Ahom language. So far Utpal Phukan has developed NINE language software out of which only three are commercial ones. The rest SIX are freeware.
Software Developed
Milestones
A timeline of innovation and contribution to the language.
Jahnabi Pad (জাহ্নৱী পেড)
স্ব-প্ৰৱাহিত শব্দ সম্ভাৰ, বানান পৰীক্ষক আৰু দ্ৰুত লিখন সঁজুলি
- প্ৰায় ২.৫ লাখ অসমীয়া শব্দৰ ডেটাবেছ
- প্ৰায় ৪০০ ফকৰা-যোজনা, জতুৱা ঠাঁচ
- স্বয়ংক্ৰিয় শব্দ নিৰ্দেশক (word auto suggestion)
- সচৰাচৰ ব্যৱহৃত বাক্যাংশৰ চমু পথ বা ছৰ্টকাট সাজি লোৱাৰ সুবিধা
- বানান পৰীক্ষক( অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ বাবে)
- নিজস্ব শব্দ সম্ভাৰ অন্তৰ্ভুক্ত/মোহাৰিবৰ পৰাৰ সুবিধা
- সংলগ্ন অসমীয়া কী-ব’ৰ্ড সঁজুলি
- ই হৈছে জাহ্নৱী প্ৰকল্পৰ একমাত্ৰ দলগত প্ৰকল্প। এই প্ৰকল্পটিত প্ৰায় ২৫ জনমান অসমীয়া যুৱকে অংশ লৈছিল। মূল সঁজুলিটি সাজিছিল উৎপল ফুকনে। সঁজুলিটিৰ বাতৰি সেইসময়ত প্ৰায় সকলোবোৰ ৰাষ্ট্ৰীয় বাতৰি-কাকততে প্ৰকাশিত হৈছিল। মুক্তিৰ পৰা এবছৰৰ ভিতৰত ই প্ৰায় আঢ়ৈ লাখবাৰমান ডাওনলোড হৈছিল। ই সেইসময়ৰ যথেষ্ট জনপ্ৰিয় সঁজুলি আছিল।
Jahnabi Multilingual Input Tool (জাহ্নৱী বহুভাষিক লিখন সঁজুলি)
উৎপল ফুকনৰ দ্বাৰা এককভাৱে বিকশিত সঁজুলি
- য়ুনিক’ড আৰু গীতাঞ্জলি ফ’ণ্ট দুয়ো উপায়েৰে লিখিব পৰা বহুভাষিক কী-ব’ৰ্ড
- ব্যৱহাৰকাৰীয়ে নিজে কী-ব’ৰ্ড লে-আউট সাজি ল’ব পৰা সুবিধা
Windows Phone Assamese Keyboard
ৱিনড’জ ফোনৰ প্ৰথমখন অসমীয়া লিখন সঁজুলি বা কী-ব’ৰ্ড
ৱিনড’জ ফোনৰ বাবে তেতিয়া অসমীয়া লিখিব পৰা কোনো সঁজুলি নাছিল তথা মাইক্ৰ’ছফ্টেও কোনো কী-ব’ৰ্ড যোগান ধৰা নাছিল। সেই অভাৱ দূৰ কৰি বিকাশ কৰা জাহ্নৱীয়েই আছিল অসমীয়াত লিখিব পৰা ৱিনড’জ ফোনৰ একমাত্ৰ সঁজুলি। এবছৰমান পিছলৈ অৱশ্যে মাইক্ৰ’ছফ্টে অসমীয়া লিখিব পৰা সঁজুলি বিকাশ কৰে।
(উৎপল ফুকনৰ দ্বাৰা এককভাৱে বিকশিত সঁজুলি)
Mac Keyboard (এপল মেকৰ বাবে অসমীয়া কী-ব’ৰ্ড)
উৎপল ফুকনৰ দ্বাৰা এককভাৱে বিকশিত সঁজুলি
Skylark (Tai-Ahom Keyboard)
এণ্ড্ৰ’ইড ফোনত টাই-আহোম ভাষাৰে লিখিব পৰা প্ৰথমখন কী-ব’ৰ্ড আৰু মেছেজিং এপ স্কাইলাৰ্ক
উৎপল ফুকনৰ দ্বাৰা এককভাৱে বিকশিত সঁজুলি। ডিজিটেল মাধ্যমত টাই-আহোম ভাষা চৰ্চাত এই সঁজুলিৰ প্ৰভূত অৰিহনা আছে।
Jahnabi Rupantarak (জাহ্নৱী ৰূপান্তৰক)
য়ুনিক’ডৰ পৰা ছপা মাধ্যমৰ বহুল ব্যৱহৃত গীতাঞ্জলী ফ’ণ্টলৈ আখৰ ৰূপান্তৰ কৰিব পৰা প্ৰথমটো সঁজুলি
- য়ুনিক’ডৰ পৰা গীতাঞ্জলিলৈ আৰু গীতাঞ্জলিৰ পৰা য়ুনিক’ডলৈ ১০০% শুদ্ধ ৰূপান্তৰ
- ৰূপান্তৰ হোৱাৰ পাছত স্বয়ংক্ৰিয় ফ’ণ্ট চয়ন
- উল্লেখ্য যে সঁজুলিটি পাঁচ বছৰ ধৰি একমাত্ৰ এনেধৰণৰ সঁজুলি হৈ আছিল। সম্প্ৰতি এনেধৰণৰ সঁজুলিৰ বিকাশ হৈছে যদিও এতিয়াও ইয়াৰ সমকক্ষ হ’ব পৰা নাই।
Commercial Multilingual Tool
জাহ্নৱী বহুভাষিক লিখন সঁজুলিৰ বাণিজ্যিক সংস্কৰণ
- ৫খন অসমীয়া লে-আউট
- ৫০০ ৰো অধিক কেলিগ্ৰাফিক ফ’ণ্ট
Android Tai-Ahom Keyboard
এণ্ড্ৰ’ইড ফোনৰ প্ৰথমখন য়ুনিক’ড সমৰ্থিত টাই-আহোম কী-ব’ৰ্ড
উল্লেখ্য যে ইয়াত ইংৰাজী আৰু অসমীয়াৰ দুখনকৈ লে-আউট আৰু শব্দ নিৰ্দেশক সংযুক্ত কৰা হৈছে। (উৎপল ফুকনৰ দ্বাৰা এককভাৱে বিকশিত সঁজুলি)। য়ুনিক’ড সমৰ্থিত ডিজিটেল মাধ্যমত টাই-আহোম ভাষা চৰ্চাত এই সঁজুলিৰ প্ৰভূত অৰিহনা আছে।
Jahnabi DRISTI (জাহ্নৱী দৃষ্টি)
ছবিৰ পৰা সম্পাদনাযোগ্য আখৰলৈ ৰূপান্তৰ কৰিব পৰা অসমীয়া OCR
- অসমীয়া, ইংৰাজী, বাংলা, হিন্দী আদি
- দ্ৰুতভাৱে কৰিবলৈ সক্ষম। প্ৰায় ২৫০ পেজৰ বাবে লগা সময় ১০ মিনিটৰ কম।
Languages We Support
Comprehensive support for regional languages and scripts.
Learn about Utpal Phukan
Explore his work across technology, writing, music, and culture.