চলিহাই লেখাটো ফেইচবুকৰ ৱালত পোষ্ট কৰি ৰুদ্ধশ্বাসেৰে ম’বাইলটোৰ স্ক্ৰীনখনলৈ চাই ৰ’ল।

এক.. দুই…তিনি….চাৰি…….

ছেকেণ্ডবোৰ বেৰত ওলমি থকা ঘড়ীটোৰ বুকুৰ পৰা চলিহাৰ বুকুলৈ নামি আহি কলিজাৰ ধপধপনি হৈ বাগৰি গৈ থাকিল—চলিহাৰ তেনে লাগিল। নাই!— ইমান পৰে দেখোন কাৰো সঁহাৰি নাই; বোধহয় অনলাইন নাই বন্ধুবোৰ। কিন্তু, চাটিং লিষ্টত দেখোন সেউজীয়া লাইট একোটাহঁত জ্বলি আছে। সেউজীয়া ৰঙটো দেখিবলৈ নোপোৱা হ’লেই যেন ভাল আছিল— চলিহাৰ তেনে ভাব হ’ল।

পাঁচ……ছয়…………………………ত্ৰিশ

ওপৰমুৱা বুঢ়া আঙুলিৰ নীলা আইকন এটা পোষ্টটোত জিলিকি উঠিল। ৰক্ষা তেও, লাইক এটা আহিল। ভালদৰে পঢ়িলে ৫ মিনিট আৰু খৰকৈ অন্ততঃ ২ মিনিটমান লাগিবলগীয়া চলিহাৰ অলপ দীঘল লেখাটোত বন্ধুজনে লাইক দিলে মাত্ৰ ত্ৰিশ ছেকেণ্ডতে। তাৰমানে বন্ধুজনে পোষ্টটো নপঢ়াকৈয়ে লাইক কৰিলে, বোধহয় লাইক এটা নিদিলে চলিহাই বেয়া পাব বুলি বা লাইক দিলেহে লাইক পোৱা যায় যে —সেই ভাবি। চিধাই নিগেটিভ চিন্তাবোৰ মনলৈ অনা অনুচিত। বন্ধুৱেনো তেওঁৰ লেখা নপঢ়িবনে, ছিৰিয়াছ মানুহ সি। তাৰ দৰে মানুহৰ বাবেইতো এইটো লেখা। লাইকটো প্ৰথম দি লৈ তাৰ পাছত পঢ়িব চাগৈ —বন্ধুজনৰ কথাটো এনেদৰেহে ভাবিবলৈ মন গ’ল।

এটা মাত্ৰ নটিফিকেশ্যন— যিটোৰ বাবে এটা সময়ত ঘণ্টা ঘণ্টা জুৰি চলিহানীৰ ঘৰৰ আশে-পাশে চলিহাৰ ছিম্পুল হাৰ্মনিক ম’শ্যন চলি থাকিছিল, চলিহানীৰ ঘৰৰ ফপৰা ভতুৱাটোৱো চলিহাৰ আপোন হৈ পৰিছিল, লগৰ ধিতিঙালি কোবাই ফুৰা ধুৰন্ধৰকেইটাই বাটৰ শিলগুটি একোটা তুলি লৈ তালৈ নিচান পোনাবলৈ ধৰোঁতে তেওঁ যে হাক দিছিল— “নামাৰিবি হেৰ’, এইটো সিহঁতৰহে কুকুৰ”; ক্ষণিকৰ সেই সংকেত, বিজুলী চমকনিৰ দৰে দুনয়নৰ সেই মোহময়, যাদুকৰী সংযোগ ঘটিবলৈ ধৰোঁতেই চলিহানীৰ দেউতাকৰ গলখেকাৰিৰ এটা বেসুৰা নটিফিকেশ্যনে যে আশাভংগৰ বেদনা কঢ়িয়াই আনিছিল—তেনেকুৱা কিবা এটা সেইমুহূৰ্তত ঘটি যাব বুলি চলিহাই সপোনতো ভবা নাছিল।

হয়, এটা মাত্ৰ নটিফিকেশ্যনে চলিহাৰ ভাবত খেলিমেলি লগাই পেলালে।

বন্ধুজনে ছোৱালী এজনীৰ ফটো এখনত এইমাত্ৰ মন্তব্য এটা দিছে— “আইজ্জৌ, তাম্মাম ধুনীয়া লাগিছে তোমাক।”

চলিহাৰ ভাললগাখিনি তচনচ কৰি ফৰকাল মনাকাশ হতাশাৰ কলীয়া ডাৱৰে আবৰি ধৰিবলৈ মাত্ৰ কেইছেকেণ্ডমানহে লাগিল।

— “হেৰি, ম’বাইলডাল লৈ কি জুপুকা মাৰি আছেনো? যাওকচোন, বাৰীৰ পৰা বেঙেনা কেইটামান ছিঙি আনকগৈ। ভাজিখন বনাব লাগে।”

— “থোৱাহে তোমাৰ বেঙেনা ভাজি। বন্ধুৱে মোক বেঙেনা দি আছে আৰু তুমি বেঙেনা ভজাৰ কথা কৈছা!”

— “কোন বন্ধুৱে ক’ত বেঙেনা দিলেহে আপোনাক?”

— “ইয়াত দিলে, ফেইচবুকত দিলে।”

— “কিহে পালে মানুহজনক! আপোনাক কোৱাতকৈ মই নিজে যোৱাই ভাল।”

— “এহ্‌ ৰ’বা— তুমি বুজা নাই। ফেইচবুকখন আজব দুনীয়া বুইছা। ইয়াত মোৰ বন্ধু কিমান আছে জানা? দুহেজাৰ! বুইছা দুহেজাৰ।”— চলিহাই দুহেজাৰটো এনেদৰে জোৰ দি ক’লে যে চলিহানীৰ কাণত কথাষাৰ চলিহাই পূজাৰ সময়ত বোনাচ পাই উচ্ছাসত ঘৰলৈ ফোন কৰি কোৱাৰ দৰে লাগি গ’ল।

— “অ’ আই, দুহেজাৰ? ইমানসোপা বন্ধুৰ লগত আপুনি কথা কেনেকৈ পাতেহে? দিনটোৰ ২৪ ঘণ্টাত মিনিট হিচাপত ২৪ পূৰণ ৬০ মানে…. ১৪৪০ মিনিটমান থাকেহে! খোৱা-শোৱা বাদ দি ফেইচবুকাই থাকিলেও আপুনি ইমানসোপা বন্ধুৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰেচোন।”

— “এহ্‌ ৰ’বা, চিধাই পেংলাই নকৰিবা। সকলোৰে লগত কথা পতা নহয় নহয়।”

— “কথাই নাপাতে যদি, সুখ-দুখৰ খবৰেই নলয় যদি বন্ধু কেনেকৈ হ’লনো?”

— “সকলো বন্ধু খবৰ ল’বলৈ নহয় নহয়। মোৰ দুহেজাৰহে মাত্ৰ, মোৰ বন্ধু লিষ্টৰ একোজনৰ আকৌ ৫ হাজাৰলৈকে আছে। তেওঁলোকৰ আগত নিজকে নিঃস্ব যেন লাগে বুইছা। সেইকাৰণে ৰিকুৱেষ্ট পঠিয়াই সংখ্যাটো বঢ়াই লৈছোঁ। দুহেজাৰমান হৈছেগৈ, এতিয়া নেক্সট টাৰ্গেট তিনিহেজাৰ। এইটো মোটামুটি ভাৰ্চুৱেল দুনীয়াৰ ষ্টেটাছ ছিম্ব’ল বুইছা।”

— “এ হ’ব, থওক আপোনাৰ ষ্টেটাছ ছিম্ব’ল। ইমানসোপা বন্ধু যদি আছেই তেন্তে আপোনাক এতিয়া কিয় মৰা মুগাটোৰ দৰে লাগিছেনো? নে সান্ত্বনা দিবলৈ কাৰো আহৰি নাই?”

— “পেংলাই নকৰিবা বুইছানে। তুমি বুজা নাই মোৰ দুখ।“

— “নাই কৰা পেংলাই। মই বুজিছোঁ দিয়ক আপোনাৰ দুখ। ফেইচবুকত কোনেও লাইক নকৰাটোৱেই আপোনাৰ দুখ— নহয় জানো?”

ধৰা পৰি যোৱাৰ দৰে চলিহাই দুবাৰমান নাই নাই কৰি উঠিল যদিও হুমুনিয়াহ এটা এৰি দি ওপৰৰ চিলিঙখনৰ ফালে চাই ৰ’ল।

— “এৰা, ঠিকেই ধৰিছা। কাৰেক্ট তুমি।”

— “মইতো সদায় কাৰেক্ট। আচ্ছা, এটা কথা কওকচোন?— কৰিলেই যেনিবা কোনোবাই লাইক। পালেই যেনিবা ঠিকছে এসোপামান। কি কৰিব সেইসোপাৰে? পেট ভৰিবনে? নামক বুইছে, ভাৰ্চুৱেল দুনীয়াৰ পৰা ৰিয়েল দুনীয়ালৈ নামি আহক। সদ্যহতে বাৰু বিচনাৰ পৰাই নামি বাৰীলৈ বুলি যাওক আৰু বেঙেনা দুটামান ছিঙি আনকগৈ।”

— “বেয়া লাগে বুইছা। কোনোবাই ফটো এখন দিলেও এহেজাৰমান লাইক। আমি ইমান ভাবি-চিন্তি আপডেট এটা দিওঁ— যেনেতেনে পঞ্চাছটামান আহে কি নাহে। বেয়া নালাগিবনে বাৰু?”

— “হয় নেকি? বৰ দুখৰ কথা। পাছে এবাৰ কি হ’ল জানে? লগৰ এজনীৰ মুখত শুনিছিলোঁ— ছোৱালী এজনীয়ে বোলে টোপনি অহা গান এটা কওকচোন বুলি ফেইচবুকত আপডেট দি শুই থাকিল আৰু ৰাতিপুৱালৈকে টোপনি অহা গানৰ লিষ্ট দি দি পদূলি-শুঙাকেইটামানে টোপনি খতি কৰি মৰিলে। এহেজাৰমান লাইক পোৱা ফটো এখন এবাৰ চাই দেখিলোঁ; সাংঘাটিক কাণ্ড— তেখেতে “টাইম পাছ ৱিথ মাই হাজবেণ্ডৰ” ঠাইত “ৱিথ মাই টাইম পাছ হাজবেণ্ড” বুলি কেপচন দিছে!! সেইবাবেই কৈছোঁ, আপোনাৰ দৰে মানুহেনো বাৰু সেইবোৰ লাইক-চাইকৰ মোহত পৰিব লাগেনে বাৰু!”

— “আৰু কোনোবাই লাইক পায় বুলি দুখ কৰাৰো প্ৰয়োজন নাই, হিংসা কৰাৰো দৰকাৰ নাই। জনপ্ৰিয় মানুহ তেওঁলোক। মানুহে ভাল পায় তেওঁলোকক। জনপ্ৰিয়তা এনেই নাহে নহয়। নিশ্চয় তেওঁলোকে কিবা এটা কৰি থৈছে বা কৰি থাকে যিটো চাই মানুহবোৰে ভাল পায়, আনন্দ পায়— সেইবাবে অকপটে লাইক কৰে। আপুনি তেনেকুৱা কিবা কৰিছেনে? নে— নিজে কিবা এটা লিখি আনৰ বাবেও সেইটো দৰকাৰী বুলি ভাবি লৈছে আৰু আনক সেইটো পঢ়ুৱাবলৈ চেষ্টা কৰিছে? আনে ভাল পাব পৰাকৈ আপুনি সেইটো লিখিছেনে নাই পিছে? মস্ত তিতা দৰব একোটাও খুৱাবলৈ চেনিৰ প্ৰলেপ এটা ঔষধবোৰত দিয়া নাথাকে জানো?”

— “ৰ’বাচোন তুমিযে কৈছা জনপ্ৰিয়তাৰ কথা— জনপ্ৰিয়তাই আচল বস্তু নেকি? সৰহভাগ ছিৰিয়াছ বস্তু জনপ্ৰিয় নহয় আৰু জনপ্ৰিয় হ’লে মানুহে ছিৰিয়াছলি নলয় যেন লাগে। তিতা ঔষধৰ বাহিৰত মিঠা প্ৰলেপ দিয়া কাৰবাৰটো সকলোৱে কৰিব নোৱাৰে যে, সেইবাবে।”

— “হেৰি, আপুনিনো ফেইচবুকৰ দৰে ভাৰ্চুৱেল দুনীয়া এখনক ইমান গুৰুত্ব কিয় দি আছে? ইয়াত মানুহবোৰৰ দুটা ৰূপ।”

— “দুনীয়াখনহে ভাৰ্চুৱেল, মানুহবোৰ নহয় নহয়। হয়, ইয়াত মানুহবোৰে মুখা একোখন পিন্ধি থাকে। মুখা পিন্ধিলেও সেয়াও মানুহজনেই— তেওঁ যিটো হ’ব নোৱাৰিলে বা হ’বলৈ বিচাৰি থাকে তাকে মুখাখনৰ দ্বাৰা প্ৰকাশ কৰে মাত্ৰ। সঁচাই হওক বা মিছাই হওক—এই যে মুহূৰ্তবোৰ, এইবোৰেই সঁচা, আচল বস্তু বুইছা। আমি এই মুহূৰ্তবোৰে দিয়া বৰ্তমানতহে জীয়াই থাকোঁ, অতীত বা ভৱিষ্যতত নহয় নহয়।”

বিষয়টো বেছি ছিৰিয়াছ হৈ যোৱা যেন দেখি চলিহানীয়ে কথা সলালে—

— “বাদ দিয়ক বাৰু ৰাইজে ভাল পোৱা নোপোৱাৰ কথা। আপুনিতো আগতে মোক ভাল পাইছিল, লাইক কৰিছিল। আই লাভ ইউ বুলি দিনটোত এশবাৰমান কৈছিল। কৈছিল নে নাই কওক।”

— “কৈছিলোঁ কৈছিলোঁ। এটা সময়ত মই নিজকে শাহৰুখ আৰু তোমাক কাজল বুলি ভাবি লৈছিলোঁ”

— “এতিয়া নকয়। তাৰমানে আজিকালি মোক লাইক নকৰে, হয়নে নহয়।”

— “নহয় নহয়, কিয় লাইক নকৰিম। কৰোঁ।”

— “তেতিয়াহ’লে মুখেৰে কিয় নকয়?”

— “সকলো কথা ক’বই লাগে নেকি কিবা? ময়োতো এতিয়া শাহৰুখ হৈ থকা নাই। বয়সৰ কথা এটাও আছেতো, লাজো লাগে দিয়াচোন আজিকালি। ল’ৰা-ছোৱালীদুটাই কি ভাবিব বাৰু? বুঢ়া-বুঢ়ীৰ পৰকিতি লৰিল বুলি নাভাবিবনে? অৱশ্যে মুখেৰে লাইক নকৰিলেও মনে মনে লাইক কৰোঁনে নাই তুমিওতো জানা। মাহেকে পষেকে শাৰীখন, চাদৰখন, কেতিয়াবা বোলে অমুকৰ বিয়ালৈহে লাগে, কেতিয়াবা বোলে ভচুকৰ বাৰ্থডেলৈহে লাগে— আগৰ অতসোপা কাপোৰ হেনো এবাৰ পিন্ধাৰ পাছতেই আউটডেটেড হ’ল। লেটেষ্ট কালেকচন নন্দী ফেশ্যনলৈ আহিছে, ছোৱালীৰ বাবে লাগে বুলি তুমিও যে একোখন লৈ লোৱা আৰু ময়োযে দুবছৰৰ পৰা একেটা চোলাকেই পিন্ধি আছোঁ সেইবোৰলৈ পাহৰি চকু-কাণ মুদি সেইবোৰ এপ্ৰুভ কৰি দিওঁ — এইবোৰ লাইক নহয় আৰু কি?”

— “কথা সেইটোৱেই। ফেইচবুকৰ লাইকবোৰো তেনেকুৱাই। কাৰোবাৰ গিৰিয়েকে বিয়াৰ পাছতো আই লাভ ইউ কৈ থকাৰ দৰে কোনোবাই লাইকবোৰো দি থাকে অকপটে। কোনোবাই আকৌ আপোনাৰ দৰে মনে মনে দিয়ে, আনে দেখাকৈ নিদিয়ে। কোনোবাই লাইক দিবলৈ লাজ পায়— এ এইটো কথাতনো বাৰু মই লাইক দিমনে বুলি নিদিয়ে। কাৰোবাৰ আকৌ ইগ’ত লাগে। কোনোবাই আকৌ দোকানীয়ে বস্তু জুখি দিয়াৰ দৰে জুখি-মাখি দিয়ে— লাইকটো বিচাৰকৰ ৰায়ৰ দৰে ব্যৱহাৰ কৰে। কোনোবা কৃপণৰ আকৌ লাইকৰ মোনাটো সুন্দৰী ললনা দেখা মাত্ৰ আপোনা আপুনি মেল খাই যায়। কোনোবাই আকৌ কাৰোবাৰ পানী লগা-চৰ্দি জ্বৰ হোৱা দেখিলে লগালগ কবিৰাজ বনি যায়— ’ভণ্টী স্বাস্থ্যৰ যত্ন নোলোৱা কিয় তুমি, তোমাকলৈ মোৰ বৰ চিন্তা লাগি থাকে— অমুকটো খাবা, ভচুকটো নাখাবা, অমুকটো নকৰিবা, তমুকলৈ নাযাবা, কিবা অসুবিধা হ’লে টেনশ্যন নল’বা, মই আছোঁ নহয়। অ’ আৰু এটা কথা— এই যে তপন, ঈশ্বৰ আৰু ভাস্কৰ নামৰ লʼৰাকেইটা, সিহঁত মস্ত চেনি বুইছা। সিহঁতকযে তুমি একদমেই পাত্তা নিদিবা হাঁ।ʼ ইফালে কবিৰাজৰ আকৌ ঘৰত মাকে অসুখীয়া গাৰেই ভাতৰ চৰুত লাগিবলগীয়া হৈ থাকিলেও খবৰ ল’বলৈ সময় নাথাকে— ভনীয়েকৰ খবৰ ককায়েকে নলʼলে কোনে ল’ব, মাকৰ খবৰ ল’বলৈ বাপেক আছেই দেখোন।”

চলিহানীয়ে মুখ মেলিবলৈ পালে বন্ধ কৰিবলৈ অলপ টান পায়। বিশেষকৈ চলিহাৰ দৰে নিবোকা শ্ৰোতা পালে ঘৰখনো স্কুল যেন লাগি যায়।

ভেঁ…ট ভেঁ…ট…..

হঠাত ম’বাইলটোৰ ভাইব্ৰেচনৰ পৰা ভাহি অহা শব্দটোৱে চলিহাক বাস্তৱলৈ ঘূৰাই আনিলে। মনটো আনন্দৰে ভৰি পৰিল। লেখাটো ভাল পাই কোনোবাই মন্তব্য কৰিছে নেকি বুলি ম’বাইলটোৰ স্ক্ৰীনখনৰ লকটো খুলি চালে চলিহাই। নাই, মন্তব্য নহয়, ইনবক্সত কোনোবাই মেছেজহে কৰিছে—“গুড মৰ্ণিং। আপোনাৰ দিনটো শুভ হওক”— দিনটোৰ দহ নম্বৰ গুড মৰ্ণিং মেছেজ সেইটো।

চলিহাই ম’বাইলটো থৈ বেঙেনা ছিঙিবলৈ বুলি বাৰীলৈ ওলাই গ’ল।

(অন্যযুগত প্ৰকাশিত লেখাৰ সম্পাদিত ৰূপ)